অসম আমাৰ ৰূপহী

অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূর্ব দিশৰ সূর্য্য উঠা দেশ গোটেই জীৱন বিচাৰিলও অলেখ দিৱস ৰাতি অসম দেশৰ দৰে নাপাওঁ ইমান ৰসাল মাটি। চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূব দিশৰ সূর্য্য উঠা দেশ। ব্হাগতে আমাৰ আই মহোৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে। শৰৎ নিশাই তৰাৰে সজায় আইন কেশ ভাৰতৰে পূর্ব দিশৰ সূর্য্য উঠা দেশ। পাহাৰ ভৈয়াম একে কৰা ৰামধেনুৰেই দৰে তেমাৰ ভাষাৰ মৰমবোৰ মিলন সেঁতুৰ গঢ়ে লৌহিতৰে বহল পাৰক প্রণিপাত কৰোঁ জন্ম ললোঁ ইয়াতেই ইয়াতেই যেন মৰোঁ। পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ ভাৰতৰে পূর্ব দিশৰ সূর্য্য উঠা দেশ।।

Comments

Popular posts from this blog

আজিৰ জীৱন

Mising Festival Ali Aye Ligang

আজি কিছু মিচিং সম্প্ৰদায় সমাজৰ ফৈদ বা (ape)ৰ বিষয়ে কেইটামান চাওঁ আহক